Rangman Das
-

Fact Check: আদিত্য এল ১ এ প্ৰেৰণ কৰা সূৰ্যৰ ফটো নহয় এয়া, ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ
ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোবোৰৰ প্ৰথমখন শিল্পীৰ সৃষ্টি, আনফালে বাকীবোৰ ফটো ইতিপূৰ্বেই একাধিক এষ্ট্ৰোফটোগ্ৰাফাৰে সংগ্ৰহ কৰা ফটো। ফটোবোৰ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১ এ লোৱা শেহতীয়া ফটো নহয়।
-

Fact Check: ৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে ১ জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি?
উজ্জ্বলা আঁচনিৰ অধীনত ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলৰ ৰাজসাহায্য সময়মতে লাভ কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বায়’মেট্ৰিক আপডেট কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু, ৩১ ডিচেম্বৰৰ কোনো সময়সীমা নাই আৰু জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ কিনিব নোৱাৰিব বুলি কৰা দাবী মিছা।
-

সাবৰীমালা মন্দিৰত ভিৰৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল
সবৰীমালা মন্দিৰত হোৱা বিশাল হুলস্থুলৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ এটা সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল কৰা হৈছে।
-

‘ইউৰোপত ইছলামৰ কোনো স্থান নাই’, ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনতে দিয়া মন্তব্য শেহতীয়া বুলি ভাইৰেল
ভাইৰেল ভিডিঅ’টো ইটালীৰ ৰোমত অনুষ্ঠিত ৰাজনৈতিক বৈঠকত প্ৰদান কৰা নহয়। ভিডিঅ’টো ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, যিটো জৰ্জিয়া মেলোনিয়ে ইটালীৰ এগৰাকী ৰাজনীতিবিদৰ বক্তব্যৰ সৈতে সন্মতি প্ৰকাশ কৰিছে।
-

Fact Check: মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক শ্বহীদ বুলি কৈছিল নেকি? সম্পাদিত ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল
এই দাবীটো এটা সম্পাদিত ভিডিঅ’ৰ কিয়দংশ। মল্লিকাৰ্জুন খাৰ্গেই মূল ভিডিঅ’টোত তৎক্ষণাৎ এই ভুলৰ বাবে ক্ষমা বিচাৰিছিল।