Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা আইচিচিৰ পুৰুষৰ বিশ্বকাপৰ ফাইনেলৰ সময়ত ডেৰ লাখ লোকে জপ কৰিলে হনুমান চলিছা।
Fact
ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত দৰ্শন ৰাৱাল নামৰ এগৰাকী শিল্পীয়ে এক অনুষ্ঠান পৰিৱেশন কৰিছিল, সেই ভিডিঅ’টোকেই হনুমান চালিছাৰে সম্পাদনা কৰা হৈছে।
বিভিন্ন ছ’চিয়েল মিডিয়া ইউজাৰে শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ২০২৩ চনৰ ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা আইচিচিৰ পুৰুষৰ বিশ্বকাপৰ ফাইনেলৰ সময়ত প্ৰায় ১.৫ লাখ লোকে হনুমান চালিছা ধ্বনি দিয়া দেখা গৈছে বুলি কোৱা হৈছে। উল্লেখ্য যে এই মেচখনত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি সৰ্বাধিক ৬ বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ট্ৰফী লাভ কৰে। ফে’চবুকত কৰা এই পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।
এই পোষ্টটো ফে’চবুক আৰু টুইটাৰতো পোষ্ট কৰা হৈছে, সেইবোৰ ক্ৰমে ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
নিউজচেকাৰে পোনপ্ৰথমে “Hanuman chalisa World Cup final” বুলি গুগলত কী-ৱৰ্ড চাৰ্চ কৰে, ইয়াৰ যোগেদি আমি ২০২৩ চনৰ ১৮ নৱেম্বৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ পাইছিলোঁ।
ভিডিঅ’টোৰ মূল ফ্ৰেমৰ এটা ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰোতে আমি এটা Youtube Short লাভ কৰো। ১৬ অক্টোবৰ, ২০২৩ তাৰিখে প্ৰকাশ কৰা এই চুটি ভিডিঅ’টোৰ বিৱৰণত কোৱা হৈছে যে কণ্ঠশিল্পী দৰ্শন ৰাৱালে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠান পৰিৱেশন কৰিছিল, লগতে #PakvsInd হেচটেগটোও ব্যৱহাৰ কৰা হৈছিল।
আমি স্পষ্টকৈ শুনো যে এই ভিডিঅ’টোত থকা অডিঅ’টো ভাইৰেল ক্লিপটোৰ সৈতে সম্পূৰ্ণ পৃথক, ইয়াৰ পৰা বুজা যায় যে ইয়াক সালসলনি কৰা হৈছে। আমি জানিব পাৰিলোঁ যে ১৪ অক্টোবৰত ষ্টেডিয়ামত ভাৰত-পাকিস্তান বিশ্বকাপৰ মেচৰ পূৰ্বে গায়ক সুখৱিন্দৰ সিং, শংকৰ মহাদেৱন, অৰিজিত সিং, সুনিধি চৌহান, নেহা কক্কৰ আৰু দৰ্শন ৰাৱালে এক সাংস্কৃতিক অনুষ্ঠানত কণ্ঠদান কৰিছিল।
আমি আৰু এবাৰ অনুসন্ধান কৰোতে ৩ জুন, ২০২৩ তাৰিখৰ এই Youtube ভিডিঅ’টো পালোঁ, য’ত ভাইৰেল ক্লিপটোত শুনা একেটা অডিঅ’ আছে, যিয়ে নিশ্চিত কৰে যে ইয়াক সম্পাদনা কৰা হৈছে।
নিউজচেকাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ফাইনেলত উপস্থিত থকা এগৰাকী দৰ্শক শ্ৰীনিধি ডি এছৰ সৈতেও যোগাযোগ কৰিছিল। তেওঁ আমাক জনায়, “মেচৰ সময়ত জয় শ্ৰীৰাম, বন্দে মাতৰম আৰু আন আন গীতৰ অংশ শুনা গৈছিল, আনকি প্ৰথম ইনিংছ শেষ হোৱাৰ পিছত হনুমান চলিছাও আবৃত্তি কৰা হৈছিল। কিন্তু ভাইৰেল ভিডিঅ’ত দেখুওৱাৰ দৰে ইমান জোৰেৰে নহয়, আৰু ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে ইমান বেছি লোকে হনুমান চালিছা জপ কৰা নাছিল।”
নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা আইচিচিৰ পুৰুষৰ বিশ্বকাপৰ ফাইনেলৰ সময়ত ডেৰ লাখ লোকে হনুমান চালিছা ধ্বনি দিয়াৰ দাবী কৰা ভিডিঅ’ সম্পাদনা কৰা হৈছে।
Sources
Youtube video, October 16, 2023
Youtube video, June 3, 2023
(With inputs from Ishwarachandra BG)
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।